Monday, 7 May 2018

ষ্টিফেন হকিং


চকীৰ কাহিনী। এই চকীৰ বাবে চিৰদিন চিৰকাল বিশ্বৰ প্ৰান্তে প্ৰান্তে কাহিনীৰ জন্ম। চকীৰ কাহিনীত লুকাই থাকে ৰজা ভঙা-পতাৰ খেল। চকীৰ কাহিনীত লুকাই থাকে যুদ্ধৰ বিভিষীকা আৰু মৰিশালীৰ নীৰৱতা। চকীৰ কাহিনীয়ে কৈ যায় বুভূক্ষু জনতাৰ বেদনা। চকীয়ে পাহৰাই দিয়ে ককাই-ভাইৰ মাজৰ মমতা, দুই দেশৰ জনতাৰ হৃদয়ৰ ভাষা। ঘৰৰ পৰা গাঁওলৈ, গাঁওৰ পৰা চহৰলৈ, চহৰৰ পৰা ৰাজধানীলৈ চকীৰ মোহত চিৰদিন চলে ভঙা-পতাৰ খেল। এই চকীয়ে যেন পূৰণ কৰিব সকলোৰে ইপ্সিত ক্ষুধা।
ৰ’ব। মই ক’ব বিচৰা নাই আপুনি ভবা চকীখনৰ কথা। মই ক’ব বিচাৰিছো বিশ্বৰ সেই আশ্চৰ্য্যকৰ চকীখনৰ কথা। জীৱন-যুদ্ধৰ সতে সংপৃক্ত চকীখনৰ কথা। মই, আপুনি আৰু আমি কাহানিও পাহৰিব নোৱাৰা “স্পিছ-ছিনথেছাইজাৰ” সংযুক্ত “ক’ছটিউম ইলেকট্ৰিক হুইল চেয়াৰ” খনৰ কথা।
২১ বছৰ বয়সতে মানুহজনক কোঙা কৰি পেলাইছিল মটৰ নিউৰণ নামৰ দুৰাৰোগ্য ব্যাধিয়ে। ডাক্তৰে কৈছিল- "মানুহজনে পাব আৰু মাত্ৰ দুটা বছৰ।" দুৰাৰোগ্য ব্যাধিয়ে কোঙা কৰি পেলোৱা নিষ্প্ৰাণ শৰীৰটো কঢ়িয়াই লৈ ফুৰিছিল মানুহজনে, অদম্য শক্তিৰ মনটোৰ যোগেদি। হাৰ নামানে তেওঁ। ডাক্তৰক কৰিব মিছা প্ৰমাণিত। হুইল চেয়াৰৰ সহায়তেই অংশ লৈছিল সভা ছেমিনাৰ আদিত। ১৯৮৫ চনৰ কথা। অংশগ্ৰহণ কৰিছিল জেনেভাৰ এখন সভাত। তেতিয়াই তেওঁৰ কন্ঠস্বৰ হৈ আহিল অধিক দুৰ্বল, যাৰ ফলত মানুহজনে হেৰুৱাব লগা হ’ল কন্ঠস্বৰ।
হুৱাদুৱা লাগিল বিজ্ঞানীসকলৰ মাজত। সকলোৱে যেন বচাই ৰাখিব খোজে মানুহজনক। অদম্য প্ৰতিভাৰ গৰাকী মানুহজনৰ পৰা বিশ্বই বিচাৰে বহুত। নিৰ্মাণ কৰা হ’ল এখন চকী। চকীখনৰ এটা বাহুত সংস্থাপন কৰা হ’ল উচ্চ ক্ষমতা সম্পন্ন এক টেবলেট কম্পিউটাৰ। চকীখনৰ তলৰ অংশত ৰাখি থোৱা হ’ল দুটা বেটাৰী, যি সমগ্ৰ ইলেকট্ৰিকেল সঁজুলিৰ শক্তিৰ যোগান ধৰে। সংলগ্ন কৰা হ’ল তিনিটা স্পিছ-ছিনথেছাইজাৰ। ইউনিভাৰ্ছেল ৰিমটৰ যোগেদি বিশেষ পদ্ধতিৰ সহায়ত তেওঁ নিয়ন্ত্ৰণ কৰিব পাৰে ঘৰৰ লাইট, টেলিভিছন আদি। আগবাঢ়ি আহিল কেলিফৰ্নিয়াৰ ৱৰ্ডপ্লাছ নামৰ এটা প্ৰতিষ্ঠান। সংযোগ কৰি দিলে এ.এম.ডি. প্ৰচেছৰযুক্ত এটা অত্যাধুনিক কম্পিউটাৰৰ সতে বিশেষ স্পিছ-ছিনথেছাইজাৰ।
১৯৯৭ চনত শাৰীৰিক অৱনতি ঘটিল অধিক। আগবাঢ়ি আহিল Intel ® ৰ এজাক অভিযন্তা। চকীখন কৰিলে মেৰামতি। সাল সলনি কৰিলে কম্পিউটাৰ আৰু স্পিছ-ছিনথেছাইজাৰ। কাৰ্য্যক্ষম হৈ থকা একমাত্ৰ আঙুলিটোৰে পৰিচালনা কৰে সকলো কাম-কাজ মানুহজনে।
২০০০ চন, শৰীৰ হৈ পৰিল অধিক দুৰ্বল। অৱশ হৈ পৰিল একমাত্ৰ আঙুলিটো। কাৰ্য্যক্ষম হৈ থাকিল মুখৰ কিছু মাংসপেশী। অভিযন্তা সকলেও নামানে হাৰ। জীয়াই যে ৰাখিব মানুহজনক। সংলগ্ন কৰা হ’ল EZ Key নামৰ এক বিশেষ ধৰণৰ ইন্টাৰফেছ, যাৰ জৰিয়তে মানুহজনে অনায়াসে কম্পিউটাৰৰ মাউছৰ পৰা বিভিন্ন এপ্লিকেছনসমূহ কৰিব পাৰে নিয়ন্ত্ৰণ। মানুহজনৰ চকুৰ তলৰ মাংসপেশীবোৰ লৰচৰ হলে তেওঁৰ চছমাৰ লগত সংলগ্ন চেনছৰে তেওঁ বিচৰা আখৰটো “অন-স্ক্ৰীণ কী-বৰ্ড” ত দেখুৱাই দিব পাৰে। শেষলৈ শৰীৰ অধিক দুৰ্বল হ’ল, মানুহজনে তেতিয়া লিখিব পাৰে মিনিটত এটা বা দুটা শব্দ। ইন্টেলৰ অভিযন্তা সকলে আশা নেৰিলে। তেওঁলোকে সংযোগ ঘটালে Predictive- Word process নামৰ এটা বিশেষ প্ৰযুক্তি কম্পিউটাৰৰ লগত, যাৰ ফলত মানুহজনে এটা শব্দ স্ক্ৰীণত দেখুৱাই দিলে সম্ভাৱ্য পিছৰ শব্দতো নিজে নিজেই আহি পৰে, সেইদৰে দুটা শব্দ দেখুৱাই দিলে স্ক্ৰীণত আহি পৰে সম্ভাৱ্য একোটা বাক্য।
সেইখন চকীত বহিয়েই বিশ্ব জয় কৰি গ’ল মানুহজনে। জয় কৰি গ’ল শাৰীৰিক বাধাগ্ৰস্ততা, মিছা প্ৰমাণিত কৰিলে ২১ বছৰ বয়সতেই ডাক্তৰে দিয়া ভৱিষ্যতবাণী। সেই আশ্চৰ্য্যকৰ চকীখনৰ গৰাকী আছিল চিৰ নমস্য তাত্ত্বিক পদাৰ্থ বিজ্ঞানী, ক’জম’লজিষ্ট ষ্টিফেন হকিং। নাপাহৰো তোমাৰ অশ্ৰুসিক্ত সেই চকীৰ কাহিনী, নাপাহৰো তোমাক........... নাপাহৰো তোমাক...............।
NB: FB Collection.

No comments:

Post a Comment

Recent